126
বোকাজানঃ বিশ্বৰ সকলো জাতি-জনগোষ্ঠীৰে সুকীয়া লোক কৃষ্টি, সংস্কৃতি-পৰম্পৰা থাকে৷ পৰম্পৰা, কৃষ্টি, সংস্কৃতি-পৰম্পৰাই প্ৰতিটো জাতি-জনগোষ্ঠীক উজলাই তোলে৷ আন আন জাতি-জনগোষ্ঠীৰ দৰেই কাৰ্বিসকলো ভিন্ন কৃষ্টি, সংস্কৃতি-পৰম্পৰাৰে চহকী এটা জনগোষ্ঠী৷ কাৰ্বিসকলৰ ভিন্ন কৃষ্টি, সংস্কৃতি-পৰম্পৰাৰ লগতে সাতবাৰ আৰু বাৰমাহৰ নিৰ্দিষ্ট নাম আছে৷ বছৰৰ প্ৰতিটো মাহৰ সৈতে প্ৰকৃতিৰ ৰূপ আৰু ঋতুৰ পৰিক্রমা তেওলোকে মানি চলে স্বকীয় ভাবে৷
