ৰঙিয়া/নলবাৰী/চৰাইদেউঃ নগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ দাবীত আৰু ডিমা হাচাওত সংঘটিত চৰকাৰী সন্ত্ৰাসৰ বিৰুদ্ধে বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোনো কাৰণত অসমৰ ভূমি চুবুৰীয়া ৰাজ্যক গতাই দিব নিদিয়াৰ হুংকাৰ দিয়ে সংগঠনটোৱে।
ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ৰঙিয়া, নলবাৰী, চৰাইদেউ আদি বিভিন্ন স্থানত পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ধৰ্মঘট কাৰ্যসূচীত প্ৰায় অৰ্ধ শতাধিক সদস্যই অংশ গ্ৰহণ কৰে।