উত্তৰ প্ৰদেশঃ দেশৰ সৰ্ববৃহৎ উত্তৰ প্ৰদেশ বিধানসভাত বিজয়ৰ ফাকুৱা খেলিলে বিজেপীয়ে৷ বিমুদ্ৰাকৰণেও প্ৰভাৱ পেলাব নোৱাৰিলে এইবাৰ নিৰ্বাচনত৷ আঠটা পৰ্যায়ত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত মুঠ ৪০৩ টা সমষ্টিৰ ১০০ টা সমষ্টিত জয়লাভ কৰাৰ লগতে ২২০ টাত আগবাঢ়ি আছে দলটো৷
১৪ বছৰ পিছত ৰাজ্যখনত পদুম ফুলাৰ সম্ভাৱনা প্ৰকত হৈ পৰিছে৷ কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ মিত্ৰজোঁট কেৱল ৬৯ আসনত আগবাঢ়ি আছে৷ মায়াৱতীৰ বহুজন সমাজ পাৰ্টিয়ে পাইছে কেৱল ২০ খন আসন৷ পিতা-পুত্ৰৰ মনোমালিন্যৰ ফল ভুগিলে সমাজবাদী পাৰ্টিয়ে। এলাহবাদ, লক্ষ্ণৌ, কানপুৰ, বেনাৰসসহ ৰাজ্যখনৰ বহু কেইটা সমষ্টিত জয় লাভ কৰিছে বিজেপীয়ে৷