ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে দেশত শিক্ষাৰ গুণগত মানদণ্ড নিৰীক্ষণ কৰিব National Achievement Survey-এ৷ চৰকাৰী বিদ্যালয়ৰ লগতে ব্যক্তিগত শিক্ষানুষ্ঠানক চামিল কৰিব যোগ্যতা নিৰূপণৰ এই কাৰ্যসূচীত। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণ কৰিবলৈ সুযোগ প্ৰদান কৰিব যোগ্যতা নিৰূপণ কাৰ্যসূচীত।
চৰকাৰে ৫ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী কৰিব এই কাৰ্যসূচী। জানিব পৰা মতে, চৰকাৰী আৰু প্ৰাইভেট বিদ্যালয়ৰ প্ৰায় ২০ লাখ ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তাৰোপৰি জিলা স্তৰত ব্যৱহাৰীক শিক্ষাৰ গুণগত মানদণ্ড উন্নীতকৰণৰ বাবে ৫টা বিষয়ত গণিত, ইংৰাজী, বিজ্ঞান, আৰু আধুনিক ভাৰতীয় ভাষা অনুশীলন কৰোৱা হ’ব।