কোকৰাঝাৰঃ বড়ো জনগোষ্টীৰ দীৰ্ঘদিনীয়া সমস্যা পৃথক বড়োলেণ্ড ৰাজ্য গঠন অাৰু বিটিএডিৰ বাহিৰত বসৱাস কৰা বড়োসকলৰ নিৰাপত্তা আৰু ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু , এনডিএফবি (প্ৰ) অাৰু পিজেএচিবিএমৰ যৌথ উদ্যোগত কালিৰে পৰা কোকৰাঝাৰত আৰম্ভ হোৱা অামৰণ গণ অনশনৰ আজি ৩৬ ঘন্টা অতিক্ৰম কৰাৰ পিছতো চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি লাভ নকৰাত ক্ষুব্ধ হৈ উঠিছে অনশনকাৰীসকল ৷
উল্লেখ্য যে কালি পুৱা ৯ বজাৰ পৰা কোকৰাঝাৰ সদৰ চহৰৰ ভাৰতীয় খাদ্য নিগমৰ গুদামৰ কাষতে অামৰণ গণ অনশনৰ কাৰ্যসূচী অাৰম্ভ হৈছিল যদিও যোৱা নিশাৰ পৰা আৰম্ভ হোৱা মুষলধাৰ বৰষুণৰ ফলত অনশনকাৰীসকলে অামৰণ গণ অনশন কাৰ্যসূচীৰ স্থান সলনি কৰি কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত আৰম্ভ কৰে ৷অামৰণ অনশনে ৩৬ ঘণ্টা অতিক্ৰম কৰাৰ পিছত অনশনথলীতে অাজি তিনিগৰাকী অনশনকাৰী অসুস্থ্য হৈ পৰে । বাগচাৰ কুন্দন বড়ো, প্ৰবীন স্বৰ্গীয়াৰী অাৰু চিৰাঙৰ অভোজিৎ বসুমতাৰীয়ে অসুস্থ্য হৈ পৰাত চেলাইন পৰ্যন্ত লব লগা হয়।