ডিব্ৰুগড়ঃ বিভিন্ন জাতি-জনজাতিৰ সমন্বয়ৰ প্ৰতিভূ বৃহৎ অসমভূমিৰ পাহাৰে-ভৈয়ামে একাকাৰ কৰি বসতি কৰি আছে বৰ্ণিল অসমীয়া জাতি ৷ প্ৰতিটো জাতি-জনজাতিৰে আছে নিজস্ব চাৰিত্ৰিক বৈশিষ্ট্য । নিজা নিজা ভাষা, সাহিত্য, সংস্কৃতিৰ জৰিয়তেই সমৃদ্ধ হোৱা জনগোষ্ঠীসমূহৰ ভিতৰত ভৈয়ামত বসবাস কৰা দ্বিতীয় বৃহত্তম জনজাতি হৈছে মিচিং জনজাতি ৷
নৈৰ পাৰত বসতি কৰা এই মিচিং জনজাতিসকলৰ আছে নিজা ভাষা,সংস্কৃতি, মৌখিক সাহিত্য আৰু কিম্বদন্তিমূলক কিছু তথ্যৰ আভাস । যাৰ জৰিয়তে বৰ্ণিল মিছিং জনগোষ্ঠীয়ে নিজা পৰিচয় বহন কৰি পালন কৰি আহিছে বিভিন্ন উৎসৱ-পাৰ্ৱন । মিচিং সকলে পালন কৰা উৎসৱ সমূহৰ ভিতৰত এটা উল্লেখনীয় কৃষিভিত্তিক উৎসৱ হ’ল ‘আলি-আয়েঃ-লৃগাং’ ।