ডিব্ৰুগড়ঃ ৰাজ্য চৰকাৰে ৩-৪ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত বিশ্ব বাণিজ্য সন্মিলন অনুষ্ঠিত কৰি ব্যাপক ঢাৰ-ঢোল বজাই। দেশৰ প্ৰধানমন্ত্ৰী, কেইবাখনো দেশৰ নেতা, বিনিয়োগকাৰীৰ উপস্থিতিত ৰাজধানী গুৱাহাটী মহানগৰীত অনুষ্ঠিত কৰা Advantage Assamৰ Global Investor Summitত কেইবা খন MoU স্বাক্ষৰ কৰাৰ লগতে দেশী-বিদেশী আলহী আদৰাৰ নামত কোটি কোটি টকা খৰচ কৰে৷
চকু চাট মৰা প্ৰচাৰ আৰু আয়োজনেৰে ৰাজ্য চৰকাৰে বিশ্ব বিনিয়োগকাৰী সন্মিলন সফলতাৰ সম্পৰ্কত মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন হৈছে৷ উল্লেখ্য যে উক্ত সন্মিলনত দুশখন এমঅইউৰ জৰিয়তে অভিলেখসংখ্যক এক লাখ কোটি টকা বিনিয়োগৰ নিশ্চয়তা পোৱা গৈছে বুলি চৰকাৰে ঘোষণা কৰি ৰাইজক সন্তুষ্ট কৰাৰ চেষ্টা চলাই৷