জাগীৰোডঃ নিজৰ এলেকাতে এতিয়া সুৰক্ষিত নহয় যুৱতী-কিশোৰী৷ কেতিয়া নৰ পিশাচৰ বলি হয় তাৰ কোনো ঠিক নোহোৱা হৈছে যুৱতী-কিশোৰী৷ সমাজ ব্যৱস্থা উন্নত হোৱা বুলি আস্ফালন কৰি থাকিলেও একাংশ লোক দানৱ হৈ পৰিছে৷ মানুহে মানুহক হত্যা কৰাৰ ঘটনাই এতিয়া সমাজৰ প্ৰতিগৰাকী লোকক চিন্তিত কৰিছে৷ এইবাৰ ৭বছৰীয়া কিশোৰীক অপহৰণ কৰি হত্যা কৰাৰ ঘটনাই জোকাৰী গৈছে এটা এলেককা৷
কুঁৱাৰ পাৰত এটি অবোধ কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মৰিগাঁও জিলাত৷ মৰিগাঁও জিলাৰ জাগীৰোডত কুঁৱাৰ পাৰত এটি কণমানি কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ পিছৰে পৰা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, জাগীৰোডৰ চুলেন্দ্ৰ প্ৰসাদৰ কন্যা তথা স্থানীয় হিন্দী স্কুলৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী কৃতীকা কুমাৰী বুধবাৰে সন্ধিয়াৰ পৰা নিখোজ হয়৷