শিৱসাগৰঃ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলা বিভিন্ন ইতিহাসপ্ৰসিদ্ধ সমলেৰে ভৰপূৰ৷ স্থাপত্য-ভাস্কৰ্য, শিল্পকলাৰে চহকী জিলাখনত আছে বহুতো দৌল-দেৱালয়৷ ছয়শ বছৰীয়া আহোম ৰাজত্ব কালত স্থাপিত এই কীৰ্তিচিহ্ন বিলাকে অসমক বিশ্ব দৰবাৰত পৰিচয় কৰি দি আহিছে বহু সময়ত৷
কিন্তু পূৰ্বৰ চৰকাৰ সমূহে পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ,ঐতিহাসিক সমলসমূহৰ বিষয়ে চিনাকি কৰি দিব পৰাকৈ যেনেদৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেনেদৰে পদক্ষেপ লোৱা দেখা নাযায়।বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰিবলৈ মহোৎসৱ তথা বিশেষ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাছিল।