তেজপুৰঃ ঐতিহ্যমণ্ডিত তেজপুৰ বিশ্ববিদ্যালয়ে এছিয়াৰ ১০০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয়৷ এছিয়া ৰেংকিঙত ২০১৭ বৰ্ষত ১৩১-১৪০ স্থানৰ পৰা ১০০ স্থানলৈ উন্নীত হয় বিশ্ববিদ্যালয় খন৷ উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান খনে এই তথ্য বৃহস্পতিবাৰে ৰাজহুৱা কৰে৷
‘Times Higher Education’ত ৭নং স্থান লাভ কৰাৰ লগতে ‘higher educational institution’ত ২৯ নং স্থান লাভ কৰে এছিয়াৰ ভিতৰত৷ আনহাতে দেশৰ ভিতৰত প্ৰথম স্থান দখল কৰে বাংগালুৰুৰ the Indian Institute of Science-এ৷ যোৱা বৰ্ষৰ ১৩টা বিষয়ৰ পাৰদৰ্শিতাৰ ভিত্তিত যোৱা মঙলবাৰে ঘোষণা কৰা হয় ৰেংকিঙৰ তালিকা৷