গুৱাহাটীঃ ফাকুৱাত আমদানিকৃত অপসংস্কৃতি ঘটাব নোৱাৰিব বুলি অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে দাবী কৰে৷ যুগ যুগ ধৰি অসমত খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে পালন কৰি অহা ফাকুৱা অাৰু দৌল উৎসৱত বহি:ৰাজ্য একাংশই অামদানিকৃত অপসংস্কৃতিৰ পয়োভৰ ঘটাই অসমৰ এই পবিত্র ফাকুৱা অাৰু দৌল উৎসৱক বিকৃত ৰূপ দিবলৈ চেষ্টা কৰাসকললৈ কঠোৰ সকীয়নি প্ৰদান কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে ৷
কিছু বছৰৰ পৰা বহি:ৰাজ্যৰ পৰা অহা ব্যৱসায়-বাণিজ্যৰ সৈতে জড়িত একাংশ লোকে অসমৰ ঐতিহাসিক ফাকুৱা আৰু দৌল উৎসৱৰ সমান্তৰালকৈ ‘হোলী’ৰ নামত অশ্লীল নৃত্য-গীতেৰে অসমৰ বাট-পথ, ৰাজহুৱা স্থানত মাতাল হৈ অতপালি কৰি সমগ্ৰ অসমৰ কৃষ্টি-সংস্কৃতিত অাঘাত হানিছে বুলি অভিযোগ কৰে ৷