Home ৰাজ্যব্যৰ্থ আৰক্ষী, বিজেপিৰ ভাতৃ সংগঠন ABVPৰ প্ৰতিবাদ, ৭ বছৰীয়া কৃতিকা হত্যাকাৰীক আটক কৰাৰ দাবী

ব্যৰ্থ আৰক্ষী, বিজেপিৰ ভাতৃ সংগঠন ABVPৰ প্ৰতিবাদ, ৭ বছৰীয়া কৃতিকা হত্যাকাৰীক আটক কৰাৰ দাবী

by News Desk
51 views
A+A-
Reset

জাগীৰোডঃ ৰাজ্য চৰকাৰ সম্পূৰ্ণ বিফল হৈছে মানুহৰ জীৱন-সম্পত্তিৰ সুৰক্ষা দিয়াত৷ বিশেষকৈ মহিলা, যুৱতী, কিশোৰীক নিৰাপত্তা দিয়াত বিফল হৈছে চৰকাৰ৷ চৰকাৰ যে সম্পূৰ্ণ বিফল হৈছে সেই কথা ওলাই পৰে সোমবাৰে৷ মৰিগাঁও জিলাৰ জাগীৰোডত সোমবাৰে ৰাজ পথলৈ ওলাই আহিল শাসকীয় বিজেপি দলৰ ভাতৃ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ৷ মৰিগাঁও আৰক্ষীৰ বিৰুদ্ধে কণমানি কন্যাৰ হত্যাকাৰীক আটক কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাজ পথলৈ ওলাই আহে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ৷

মৰিগাঁৱৰ জাগীৰোডত বন্তি প্ৰজ্বলনেৰে প্ৰতিবাদী সমদল উলিয়াই আৰক্ষীক ধিক্কাৰ দিয়ে সংগঠনটোৱে৷ মৰিগাঁৱৰ জাগীৰোডত ৭ বছৰীয়া কন্যা কৃতিকা কুমাৰীক অপহৰণ কৰি হত্যা কৰিছিল ৭ ফেব্ৰুৱাৰীত৷ ৫টা দিন অতিক্ৰম কৰাৰ পিছতো আৰক্ষীয়ে হত্যাকাৰীক আটক কৰাটো দূৰৰ কথা আজিলৈ হত্যাকাৰীক চিনাক্ত কৰিব নোৱাৰাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে৷ হাতে হাতে মম জ্বলাই ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় পুৰুষ-মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0