কোকৰাঝাৰঃ বড়ো সাহিত্যৰ জনক তথা বড়ো ভাষাত ৬০ খনতকৈও অধিক উপন্যাস ৰচনা কৰা সাহিত্যিক চিত্তৰঞ্জন মুছাহাৰীক মঙলবাৰে ৰাইজে স্মৰণ কৰে৷ কোকৰাঝাৰ জিলাৰ আফলা গাঁৱৰ অন্ঠাইগুড়ীস্থিত নিজ বাসগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা চিত্তৰঞ্জন মুছাহাৰীৰ আদ্যশ্ৰাদ্ধত চিত্তৰঞ্জন মুছাহাৰীৰ প্ৰতিচ্ছবিত প্ৰয়াত সাহিত্যিকগৰাকীৰ পত্নী ভাৰতী মুছাহাৰীয়ে মাল্যৰ্পন কৰি শ্ৰদ্ধাঞ্জলি দিয়াৰ পিছতে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো প্ৰমুখ্যে বহু সংখ্যক লোকে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে।
শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই সাহিত্যিকগৰাকীৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰি তেওঁৰ মৃত্যু বড়ো সাহিত্যৰ বাবে অপুৰণীয় ক্ষতি বুলি মন্তব্য কৰি তেওঁৰ নামত প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ’ব বুলিও ঘোষণা কৰে। আনহাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে কয় যে চিত্তৰঞ্জন মুছাহাৰী বড়ো সাহিত্যৰ জনক আছিল আৰু ৬০ খনতকৈও অধিক উপন্যাস ৰচনা কৰি বড়ো সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে।