কাজিৰঙাঃ বুধবাৰে পুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে স্বাধীন দ্বীপৰাষ্ট্র গ্রেট ব্রিটেইনৰ সামৰিক বাহিনীৰ মুৰব্বী নিকোলাচ পেট্ৰিক কাৰ্টাৰে৷ ভাৰত ভ্ৰমণলৈ অহা ইউনাটেড কিংডমৰ সামৰিক বাহিনীৰ মুৰব্বী নিক’লাচ পেট্ৰিক কাৰ্টাৰে অসম চৰকাৰৰ আলহী হৈ অসমলৈ আহি বুধবাৰে পুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে৷
নিকোলাচ পেট্ৰিক কাৰ্টাৰে পৰিয়ালসহ বন বিভাগৰ হাতীৰ পিঠিত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ এটি বৃহৎ এলেকা ভ্ৰমণ কৰে৷ প্ৰায় দুঘন্টা কাল হাতীৰ উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰে বিষয়াগৰাকীয়ে৷