গুৱাহাটীঃ শুভ, দয়ালু, মহৎ, মঙ্গল, কোমল আৰু হিন্দুসকলৰ দুই প্ৰধান দেৱতা গণেশ আৰু কাৰ্তিকৰ পিতৃ মহাদেৱক বুধবাৰে সমগ্ৰ বিশ্বই পূজা কৰিব৷ সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনেও পূজা কৰিব মহাদেৱক৷ ৰাজ্যৰ নামনি, উজনি, বৰাক উপত্যকাৰ হিন্দুলোকসকলে শিৱক আৰাধনা কৰিব৷ হিন্দুসকলৰ সৰ্বোচ্চ ঈশ্বৰ বা দেৱতাক পূজা কৰি সন্তুষ্ট কৰাৰ চেষ্টা কৰিব ভক্তই৷
যিসকল হিন্দুধৰ্মাৱলম্বীয়ে মহাদেৱ শিৱকেই প্ৰধান দেৱতা বুলি জ্ঞান কৰে আৰু ভক্তি ভাৱেৰে পূজা কৰে তেওলোকক ‘শৈৱ’ নামেৰে জনা যায়৷ ভোলানাথ, ৰুদ্ৰ আদি অনেক নামৰ অধিকাৰী মহাদেৱ শিৱ৷ শৈৱ সকলে বুধবাৰে বিভিন্ন পন্থাৰে মহাদেৱক সন্তুষ্ট কৰাৰ চেষ্টা চলাব৷ যাতে অনাগত দিনত দয়ালু, মহৎ, মঙ্গল, কোমল, শিৱৰ দৰে ৰূপৰ অধিকাৰী হয়৷