নগাঁওঃ শিক্ষকক মানৱ সম্পদ গঢ়াৰ খনিকৰ বুলি কোৱা হয়৷ শিক্ষক হৈছে এখন সমাজৰ মেৰুদণ্ড স্বৰূপ৷ শিক্ষকক দেখিলে আজিও মানুহৰ মূৰ দো খাই৷ কিন্তু একাংশ শিক্ষকৰ কৰ্ম-কাণ্ডই শিক্ষক সমাজক লজ্জিত কৰি অহাৰ সময়তে এইবাৰ শিক্ষকৰ ভয়ত ছাত্ৰ পলাব লগা হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও জিলাত৷ নগাঁও জিলাৰ ধিঙৰ কদমনিত শিক্ষক সমাজক লজ্জিত কৰি দুজন বিতৰ্কিত শিক্ষাকে ১৪ বছৰীয়া দুজন ছাত্ৰক শিক্ষাদানৰ বিপৰীতে চৰমশাস্তি প্ৰদান কৰাত প্ৰতিক্ৰিয়া অব্যাহত আছে৷
আনহাতে দুয়োগৰাকী ছাত্ৰ নিৰুদ্দেশ হৈ থকাৰ কথা বুধবাৰে পোহৰলৈ আহে। নিৰুদ্দেশ হৈ আছে শিক্ষকৰ দ্বাৰা অপদস্থ নাবালক ছাত্ৰ দুজন। ঘটনাৰ সন্দৰ্ভত থানাত অভিভাৱকে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে, নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰ চলাপথাৰ চাহেদ অালী হাইস্কুলত শনিবাৰৰ পৰা বাৰ্ষিক খেল-ধেমালি অনুষ্ঠিত হৈছিল আৰু সেই খেল ধেমালিৰ প্ৰথম দিনাই বিদ্যালয়খনত সংঘটিত হৈছিল শিক্ষক সমাজক লজ্জানত কৰা এক কাণ্ড।