বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ জনসাধৰণৰ জীৱন সম্পত্তি ৰক্ষাৰ বাবে কেতিয়া সাৰ পাব চৰকাৰ৷ এয়া এক বৰ্তমান সময়ৰ ডাঙৰ প্ৰশ্ন৷ প্ৰতিদিনে পাহাৰীয়া জিলা খনত হাতীৰ আক্ৰমণত ইজনৰ পিছত সিজন লোকৰ মৃত্যু হৈ আহিছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ প্ৰতিদিনে মানুহ মাৰি, ঘৰ-দুৱাৰ ভাঙি, খেতি পথাৰ নষ্ট কৰি আহিছে যদিও খবৰ লওঁতা কোনো নাই৷
এতিয়া শ-শ পৰিয়ালে উজাগৰী নিশা কটাবলগীয়া হৈছে৷ জীৱন আৰু সম্পত্তি, সন্তানৰ চিন্তাত এতিয়া দিন পাৰ কৰিব লগা হৈছে জনসাধৰণে৷ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ বিভিন্ন স্থানত সঘনাই বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰাৰ খবৰ এতিয়া সহজ ঘটনাত পৰিণত হৈছে৷ প্ৰতিদিনে মানুহ ঘৰ অথবা কৃষি পথাৰত সন্ত্ৰাস চলাই সাধাৰণ কৃষকৰ নিদ্ৰা হৰণ কৰিছে বন্যহস্তীৰ জাকে৷