ডিজিটেল ডেস্কঃ আমেৰিকা যুক্ত ৰাষ্ট্ৰত প্ৰাক্তন ছাত্ৰই ভয়াবহ আক্ৰমণ সংঘটিত কৰা ঘটনাত মৃত্যুৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি হয়৷ বুধবাৰে প্ৰাক্তন ছাত্ৰৰ নিৰ্বিচাৰ গুলীচলনাৰ ঘটনা সংঘটিত হৈছিল৷ ইতিমধ্যে ১৭গৰাকী লোকৰ মৃত্যু হোৱা বুলি স্পষ্ট কৰে স্থানীয় প্ৰশাসনে৷
আহত হয় প্ৰায় ২০গৰাকী লোক৷ মাৰ্কিন যুক্তৰাষ্ট্ৰত এতিয়ালৈ যিমান গুলীচালনাৰ ঘটনা সংঘটিত হৈছে সকলোতকৈ ভয়াবহ আক্ৰমণৰ ঘটনা বুলি চৰ্চা হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ ডগলাছ হাই স্কুলৰ পৰা নিক’লাচ ক্ৰুজ নামৰ ছাত্ৰগৰাকীক বিদ্যালয়ৰ নিয়ম ভংগৰ কৰাৰ অপৰাধত বিদ্যালয়ৰ পৰা উলিয়াই দিছিল৷