বিশ্বনাথঃ চাহ শ্ৰমিকক নিজ অধিকাৰৰ পৰা বঞ্চিত তথা অসমত অধিকাৰ সৰ্ব হৈ অহাৰ অভিযোগ বহু দিনীয়া৷ দৰিদ্ৰ, খাটিখোৱা শ্ৰমিকসকলক প্ৰতিখন চৰকাৰে বঞ্চিত কৰি আহিছে৷ লাঞ্চিত চাহ শ্ৰমিক তথা একাংশ লোকে আজিও কামৰ বিনিময়ত মৰ্যদা নোপোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে চাহ শ্ৰমিকে। পুঁজিপতিৰ হাতোৰাত বন্দী চাহ শ্ৰমিকৰ স্বাধীনতা বুলিও কলেও ভুল কৈ কোৱা নহ’ব৷
চৰকাৰে খিলঞ্জীয়া চাহ শ্ৰমিকসকলক বঞ্চিত কৰি মৌলিক অধিকাৰ সৰ্ব কৰি ভূমিপূত্ৰক মৰ্যদা দিয়াৰ শ্ৰমিকক ১৩৪ টকাৰ পৰিবৰ্তে উপয়ুক্ত মজুৰি দিয়াৰ দাবীত বৃহস্পতিবাৰে বিশ্বনাথ জিলাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যৰ চাহ-শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে৷ ৰাজ্যৰ চাহ-শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ আহ্বানত বিশ্বনাথৰ শ্ৰম বিষয়াৰ কাৰ্যালয়ত প্ৰায় তিনি শতাধিক চাহ-শ্ৰমিকৰ উপস্থিতিত বিক্ষোভ কাৰ্যসুচীৰ ৰূপায়ণ কৰে সংগঠনটোৱে৷