বালিপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত এখন বাছ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰায় ৪০গৰাকী লোক গুৰুতৰ ভাৱে আহত হোৱাৰ লগতে এগৰাকী মহিলাৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ AS-18-A-1730 নম্বৰৰ যাত্ৰী বাহী বাছ খনে দ্ৰুত গতিত আহি থকাৰ সময়তে ৰঙাপৰাৰ আমাৰীবাৰীত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত বাগৰি পৰে৷
দ্ৰুতবেগী যাত্ৰী বাহী বাছ খনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এটা খুঁটাত খুন্দা মাৰে আৰু পথত বাগৰি পৰে৷ দুৰ্ঘটনাত পতিত বাছখনত প্ৰায় ৪০জনতকৈ অধিক যাত্ৰী আছিল। সকলো লোকেই গুৰুতৰ বাৱে আহত হয় আৰু এগৰাকী মহিলা যাত্ৰীৰ মৃত্যু হয়৷