53
দেৰগাঁওঃ গোলাঘাট জিলাৰ দেৰগাঁৱৰ সোণাৰীত এটি নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় বন বিভাগে৷ দেৰগাঁৱৰ কাকডোঙাত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নহাৰফুটুকীটোৱে৷ বন বিভাগে দীৰ্ঘদিনৰ অন্তত দেৰগাঁও আৰক্ষী থানাৰ অন্তগৰ্ত তেলীয়াৰ সোণাৰীত আৱদ্ধ কৰে নাহৰফুটুকীটোক৷
জানিব পৰা মতে, বিগত এমাহ ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বাঘটোৱে৷ মানুহক আক্ৰমণ কৰাৰ লগতে পশুধন ভক্ষণ কৰি কাকডোঙাত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল৷