বৰপেটা/বোকাজান/নগাঁও/মৰিগাঁও/কোকৰাঝাৰ/গোৱালপাৰাঃ শুকুৰবাৰৰ পৰা ৰাজ্যত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ পুৱাৰে পৰা ৰাজ্যজুৰি শান্তিত পৰীক্ষা অনুষ্ঠিত হৈ যায়৷ আনহাতে প্ৰথম দিনতোতেই ইংৰাজী বিষয়ৰ পৰীক্ষাত ৰাজ্যজুৰি কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক বহিস্কাৰ কৰাৰ খবৰ আহিছে৷
NNO কোকৰাঝাৰঃ প্ৰতিবছৰে নিম্নগামী ফলাফলেৰে ৰেকৰ্ড গঢ়া কোকৰাঝাৰ জিলাত এইবেলি ২৬টা পৰীক্ষা কেন্দ্ৰত মুঠ ১০ হাজাৰ ১৬গৰাকী মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। পৰীক্ষা উপলক্ষে পৰীক্ষা কেন্দ্ৰসমুহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে প্ৰশাসনে। তদুপৰি প্ৰতিটো পৰীক্ষা কেন্দ্ৰত চিচি কেমেৰাৰ সংলগ্ন কৰিছে।