ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী মেনকা গান্ধীয়ে যোগান পৰিদৰ্শকক কৰা ব্যৱহাৰৰ চৰ্চা দেশজুৰি হ’বলৈ আৰম্ভ হৈছে। মেনকা গান্ধীয়ে নিজ লোকসভা সমষ্টি পলিভিটত জনতা দৰবাৰ অনুষ্ঠিত কৰাৰ সময়তে কোনো কথাৰ অৱতাৰণা কৰি গালি দিয়ে এগৰাকী যোগান বিষয়াক।
জনতা দৰবাৰত কেন্দ্ৰীয় শিশু আৰু মহিলা উন্নয়ন মন্ত্ৰী মেনকা গান্ধীক ৰাইজে কোটা ব্যৱস্থাত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে। তাৰ পিছতে উত্তেজিত মন্ত্ৰীগৰাকীয়ে জনতা দৰবাৰ অনুষ্ঠান চলি থকা সময়তে চৰকাৰী বিষয়াক তৰ্জন গৰ্জন কৰে।