ওদালগুৰিঃ ছাত্ৰ আৰু শিক্ষকৰ সমস্যাৰ হৈ মাত মাতি অহা ৰাজ্যৰ একমাত্ৰ জাতীয় সংগঠন আছুৱে ছাত্ৰ-ছাত্ৰীক মহাজাগতিক ঘটনাক্ৰমৰ নমুনা দেখুৱাবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰে৷ ওদালগুৰি জিলাৰ হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আঞ্চলিক বিজ্ঞান কেন্দ্ৰ খানাপাৰাৰ সৌজন্যত বিগত ৯ ফেব্ৰুৱাৰীৰ পৰা হৰিশিঙাত ভ্ৰাম্যমান বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত কৰে৷
বৃহত্তৰ হৰিশিঙা অঞ্চলৰ ১২ খন উচ্চ মাধ্যমিক পৰ্যায়ৰ চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীক প্ৰদৰ্শন চোৱাৰ ব্যৱস্থা কৰে৷ আঞ্চলিক ছাত্ৰ সন্থাৰ ব্যতিক্ৰমী পদক্ষেপক শিক্ষকসমাজে অাদৰণি জনোৱাৰ লগতে প্ৰশংসা কৰা। ভ্ৰাম্যমান বিজ্ঞান প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি শিক্ষাৰ্থীসকলে আছুৰ এনে পদক্ষেপৰ জৰিয়তে তেওঁলোকৰ লগতে আন বহু শিক্ষাৰ্থী, কণ-কণ ছাত্ৰ-ছাত্ৰীসকল আগন্তুক দিনত বিজ্ঞানৰ প্ৰতি আগ্ৰহী হ’ব বুলি কয়। হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৯ ফেব্ৰুৱাৰীত হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত ভ্ৰাম্যমান তাৰকা গৃহ দৃশ্য প্ৰদৰ্শনীও অনুষ্ঠিত হৈছিল।