64
মহুৰামুখঃ গোলাঘাটৰ মহুৰামুখত শনিবাৰে এটি আহত সুগৰী পহু উদ্ধাৰ হয়৷ চোৰাং চিকাৰীয়ে নিধন কৰাৰ চেষ্টা চলোৱা সুগৰী পহুটো যন্ত্ৰণাত চটফটাই থকা অৱস্থাত ৰাইজে উদ্ধাৰ কৰে৷
নুমলীগড় খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত মহুৰামুখৰ গুটুং গাঁৱত পহুটো প্ৰৱেশ কৰিছিল৷ দেহৰ পৰা তেজ নিগৰি থকা অৱস্থাত সুগৰী পহুটো ৰাইজে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে৷