বিহালীঃ ৰাজ্যত আজিও অব্যাহত আছে বাল্য বিবাহ৷ চৰকাৰ, স্বেচ্ছাসেৱী অনুষ্ঠান, সংখ্যালঘু সংগঠনে বাল্য ৰোধ কৰাৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে এইবাৰ আমছুৰ নেতাই বাল্য বিবাহ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ আমছুৱে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান সজাগতা চলাই থকাৰ সময়তে লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিত আমছু নেতাৰ বিৰুদ্ধে ১৪ বছৰীয়া কিশোৰীক বিয়া কৰোৱাৰ অভিযোগ উত্থাপন হৈছে৷
লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ আমছু নেতাগৰাকীয়ে নৱম শ্ৰেণীৰ ছাত্ৰীক বিয়া কৰােৱা বুলি অভিযোগ উত্থাপন হয়৷ পেচাত এজন অধিবক্তা তথা আমছুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আনাৰুল ইছলামৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে।