গোৰেশ্বৰঃ ১৯৮৩ চনত অসম আন্দোলনৰ সময়ত হিন্দু বাঙালীৰ ওপৰত যি অত্যাচাৰ চলিছিল সেই অত্যাচাৰ আজিও চলি আছে। সেয়েহে ৮৩ ভয়ংকৰ দিনৰ সৈতে আজিৰ দিনৰ কোনো পাৰ্থক্য নাই। কাৰণ অসমত এতিয়া হিন্দু বাঙালী বিতাড়নৰ কুচকাৱাজ চলিছে। নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতা কৰাৰ অধিকাৰ নাই কাৰোৰে নাই।
এই মন্তব্য সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় সভাপতি দীপক দে’ৰ। দেওবাৰে অসম আন্দোলনত নিহত ব্যক্তিৰ ক্ষতিপূৰণ দাবী সমিতিৰ উদ্যোগত বাক্সা জিলাৰ গোৰেশ্বৰৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলা প্ৰাংগনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ এই মন্তব্য আগবঢ়ায় দীপক দে’ই৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপলক্ষে অনুষ্ঠিত কৰা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ দি তেও আৰু কয়, ভাৰতবৰ্ষত হিন্দু বাঙালীৰ অৱদান সবাতকৈ বেছি, এতিয়া তেওঁলোককে ভাৰতবৰ্ষৰ ভূমিত বিদেশী সজাব বিচৰা হৈছে।