ডিজিটেল ডেস্কঃ বিজয় মালিয়া, ললিত মোডী, নীৰৱ মোডীৰ পাছত এইবাৰ ঘোটালা কৰি পলাল কলম ব্যৱসায়ী৷ ৰটমেক কলমৰ কোম্পানীৰ গৰাকী ব্যৱসায়ী বিক্ৰম কোঠাৰীৰ বিৰুদ্ধে ৮০০ কোটি টকাৰ ঋণ লৈ পলায়ণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ বেংকৰ ঋণ লৈ বেংকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে কলম ব্যৱসায়ীৰ বিৰুদ্ধে৷
নীৰৱ মোডীৰ বিৰুদ্ধে ১২০০০ কোটি টকাৰ বেংকৰ ঋণ লৈ পলায়ণ কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতেই পোহৰলৈ আহে বিক্ৰম কোঠাৰীৰ নাম৷ কানপুৰৰ ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হোৱাৰ পিছতেই দেশ এৰি পলায়ণ কৰাৰ অভিযোগক খণ্ডন কৰে৷ তেও কয় মই কানপুৰৰ বাসিন্দা আৰু মই তাতেই থাকিম৷ ব্যৱসায়ৰ প্ৰয়োজনত বিদেশত আহিবলগীয়া হয়৷