ডিজিটেল ডেস্কঃ বিজেপিৰ একাংশ নেতাই ধৰ্মৰ গইনা লৈ বিতৰ্কিত মন্তব্য আগবঢ়াই অহাৰ সময়তে এইবাৰ জাতি আৰু ধৰ্মৰ কথা কৈ ৰাজনীতি কৰা নেতাৰ বিৰুদ্ধে সৰৱ হৈ পৰে বাব ৰামদেৱ৷ যোগগুৰু বাবা ৰামদেৱে নেতাই নিজৰ স্বাৰ্থৰ বাবে বিভিন্ন জাতিক জগাই তোলা বুলি কৈ সমাজৰ বাবে সমস্যাৰ সৃষ্টি হৈছে বুলি কয়৷
এতিয়া ধৰ্মৰ ঠিকাদাৰে দেশক বিভাজন কৰাৰ ষড়যন্ত্ৰ কৰি থকা বুলি কয়৷ শক্তি ভক্তিৰ পৰিবৰ্তে ধৰ্ম আৰু জাতিৰ ভাৱ আহিছে বুলি কয়৷ ৰাম দেৱে মধুৰাৰ মহাদেৱ কাশী আশ্ৰমত অনুষ্ঠিত গোপাল জয়ন্তী উৎসৱ উপলক্ষে এখন সাধুৰ সন্মিলনত অংশ লৈ তেও আৰু কয় ‘‘জাতিৰ নামত এতিয়া সম্পূৰ্ণ দেশত জুই লাগিছে৷ যাক দেখো সিজনে এতিয়া ধৰ্মৰ ঠিকাদাৰ৷