ওদালগুৰিঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো ব্যৱহাৰ কৰি দেশৰ চৰকাৰে ব্যাপক হাৰত ডিজিটেল ইণ্ডিয়াৰ প্ৰচাৰ কৰি আহিছে৷ ডিজিটেল ইণ্ডিয়াৰ ধাৰণা প্ৰকট হোৱাৰ পিছৰে পৰা দেশত ন’ ন’ কথা প্ৰচাৰ হৈ আহিছে৷ ২৫১ টকাত ফ্ৰিডম স্মাৰ্ট ফোন দিয়াৰ বাবে এটি কোম্পানীয়ে ব্যাপক হাৰত প্ৰচাৰ চলাইছিল৷ ২৫১ টকাত ফ্ৰিডম স্মাৰ্ট ফোন সন্দৰ্ভত বিজেপি দলৰ একাংশ সমৰ্থকে ব্যাপক প্ৰচাৰ চলাই এয়া নৰেন্দ্ৰ মোডীৰ চিন্তাৰ প্ৰতিফলন বুলি প্ৰচাৰ চলাইছিল যদিও অৱশেষত সকলো ফোটোকাৰ ফেনত পৰিণত হয়৷
