বিহালীঃ যোৱা দুদিন ধৰি ছচিয়েল মিডিয়াত এগৰাকী ছাত্ৰ নেতাৰ বাল্য বিবাহৰ ঘটনা সন্দৰ্ভত ব্যাপক চৰ্চা অব্যাহত আছে৷ একাংশ লোকে এগৰাকী ছাত্ৰনেতাই বাল্য বিবাহ কৰোৱাৰ কাৰ্যক ধিক্কাৰ দি ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে৷ এই অভিযোগ উত্থাপন হৈছিল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ এগৰাকী কেন্দ্ৰীয় নেতাৰ বিৰুদ্ধে৷ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ বিএমপি আঞ্চলিক সমিতিৰ পৰা প্ৰতিনিধিত্ব কৰি আমছুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ পদ দখল কৰা আনাৰুল ইছলামৰ বিৰুদ্ধে৷
এই অভিযোগ উত্থাপন হোৱাৰ পিছতেই আমছুৱে ঘটনাক গুৰুত্ব সহকাৰে লৈ জৰুৰী কৰ্ণধাৰ সমিতিৰ সিদ্ধান্ত মৰ্মে সোমবাৰে পুৱা আমছুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আনাৰুল ইছলামক সংগঠনৰ পৰা তৎক্ষানিক ভাৱে নিলম্বন কৰে। নেতাগৰকীৰ বিৰুদ্ধে বাল্যবিবাহ সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনটোৱে৷ দুজনীয়া এক তদন্ত সমিতিও গঠন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি আজিজুৰ ৰহমানে।