ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানে সফলতা লাভ কৰে নে নাই সেই কথা কোৱা তান৷ কিয়নো দেশ চাফ হ’ব লাগিলে দেশৰ সকলো জনসাধৰণে নিজে নিজে পণ লব লাগিব দেশ খনক চাফ-চিকুণকৈ ৰাম বুলি৷ তেতিয়াহে দেশৰ প্ৰতিটো অঞ্চল পৰিস্কাৰ হ’ব৷ কেৱল প্ৰধানমন্ত্ৰীয়ে কৈ থাকিলে দেশ পৰিস্কাৰ নহয়৷ তাৰ মাজতে কেৰালা চৰকাৰে গ্ৰহণ কৰিছে বিশেষ আঁচনি৷ ৰবটৰ জৰিয়তে চাফাই অভিযান চলাব দেশৰ প্ৰথমখন ৰাজ্য কেৰালাই৷
মুখ্যমন্ত্ৰী পিনাৰাই বিজয়া এই কথা স্পষ্ট কৰে৷ কেৰেলাৰ জল প্ৰাধিৰকৰণৰ প্ৰবন্ধ নিৰ্দেশক এ শৈনামোলে জানিবলৈ দিয়া মতে, এক ষ্টাৰ্টআপ কোম্পানী জেন’ৰবটিক্সৰ দ্বাৰা নিৰ্মিত এই ৰবটক প্ৰায়োগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ব৷ তেওঁ লগতে কয়, কেৰেলা চৰকাৰ এই পৰিকল্পনামূলক আঁচনিখনক লৈ বহুত উৎসাহিত হৈ পৰিছে৷ ৱাই-ফাই, ব্লু-টুথ আৰু নিয়ন্ত্ৰণ প্ৰণালীৰ দ্বাৰা এই ৰবটে নলা-নৰ্দমাৰ আৱৰ্জনা পৰিস্কাৰ কৰিবলৈ সক্ষম হ’ব৷