ডিজিটেল ডেস্কঃ ১২ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ থকা পাঁচ বছৰীয়া কন্যা এগৰাকীৰ ক্ষত-বিক্ষত মৃতদেহ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৱাক্ৰো চক্ৰৰ নামগো মিচমি গাঁৱত উদ্ধাৰ হোৱাৰ পিছতে আৰক্ষীয়ে ধৰা পেলোৱা অভিযুক্ত ক্ৰমে সঞ্জয় চবৰ (৩০) আৰু জগদীশ লোহাৰ (২৫) ক সোমবাৰে ৰাইজে থানাৰ পৰা চোঁচৰাই আনি বজাৰৰ মাজতে হত্যা কৰা বুলি জানিব পৰা গৈছে।
ঘটনাৰ বিৱৰণি মতে দেওবাৰে আৰক্ষীয়ে টেঙাপানী চাহ বাগিচাৰ পৰা আটক কৰিছিল অভিযুক্তদ্বয়ক। তাৰ পিছতে ৰাইজৰ ক্ষোভৰ বলি হয় সোমবাৰে দুয়োগৰাকী। আৰক্ষীৰ ভাষ্যমতে সঞ্জয়ে কন্যাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰিছিল আৰু জগদীশে এই জঘন্য কাণ্ড গাপ দিয়াত সঞ্জয়ক সহায় কৰিছিল।