68
খাৰুপেটীয়াঃ নামনি অসমত আজিও অব্যাহত আছে বন ধ্বংস যজ্ঞ৷ কৰবাত পাহাৰৰ গছ কাটি তহিলং কৰিছে আন কৰবাত নদীৰ বুকুত খনন কৰি তলি উদং কৰিছে একাংশ প্ৰশাসন-চৰকাৰৰ খাচ মানুহে৷ ৰাজ্যত এটা বিয়াগোম বন বিভাগ থকাৰ পিছতো এফালৰ পৰা বনজ সম্পদ ধ্বংস কৰি গৈছে একাংশ লোকে৷ এতিয়া বন বিভাগক কোনেও কেৰেপ নকৰি এফালৰ পৰা ধ্বংস বন কৰিলেও ধৰোতা কোনো নাই৷
