কোকৰাঝাৰঃ চাহ শ্ৰমিকৰ নুন্যতম মজুৰি ৩৫০ টকা ধাৰ্য কৰাৰ দাবীত মঙলবাৰে কোকৰাঝাৰত কেইবাশতাধিক চাহ শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ অখিল ভাৰতীয় চাহ মজদুৰ সংঘ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু সদৌ অসম আদিৱাসী মহিলা সমিতিয়ে কোকৰাঝাৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷
বৃহৎ বিশাল সমদল উলিয়াই কোকৰাঝাৰৰ আকাশ-বতাহ কপাই তোলে সংগঠন তিনিটাই৷ কোকৰাঝাৰ চহৰৰ শিশু উদ্যানৰ পৰা আৰম্ভ কৰা প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ ফেষ্টুন, প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে কোকৰাঝাৰ সদৰ চহৰৰ মুখ্য পথ উত্তাল কৰি তোলে।