Home ৰাজ্যবড়োলেণ্ড বিশ্ববিদ্যালয়ত থুলুংগা উৎসৱ, ১২-বি ষ্টেটাছৰ ব্যৱস্থা কৰা হ’ব

বড়োলেণ্ড বিশ্ববিদ্যালয়ত থুলুংগা উৎসৱ, ১২-বি ষ্টেটাছৰ ব্যৱস্থা কৰা হ’ব

by News Desk
56 views
A+A-
Reset

কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ সমীপৰ দেৱৰগাঁৱত বড়োলেণ্ড বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে ১৮তম বিশ্ববিদ্যালয় সপ্তাহ। বিশ্ববিদ্যালয় সপ্তাহৰ সৈতে সংগতি ৰাখি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰাংগণত আয়োজন কৰিছে সাত দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে “থুলুংগা উৎসৱ”। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি বিশ্ববিদ্যালয় সপ্তাহৰ পতাকা উত্তোলনৰে থুলুংগা উৎসৱৰ শুভাৰম্ভ কৰে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে। তদুপৰি বিশ্ববিদ্যালয়ৰ মুঠ ২০টা বিভিন্ন বিভাগৰ মুৰব্বী সকলেও নিজৰ নিজৰ বিভাগীয় পতাকা উত্তোলন কৰে।

পৰৱৰ্তী পৰ্যায়ত বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা কুজকাৱাজৰ অভিবাদন গ্ৰহণ কৰে খাম্ফা বৰগয়াৰীয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি খাম্ফা বৰগয়াৰীয়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি প্ৰেৰণামুলক বক্তব্য আগবঢ়ায়। সম্প্ৰতি খেল আৰু সাংস্কৃতিক দিশত আগবাঢ়ি যেনেকৈ আন্তঃৰাষ্ট্ৰীয় বক্সাৰ ফৈলাও বসুমতাৰী, মাচুম নাৰ্জাৰী, প্ৰণীতা স্বৰ্গয়াৰীয়ে বিশ্বদৰবাৰত অসমৰ নাম উজলাবলৈ সক্ষম হৈছে, তেনেকৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থী সকলেও বিভিন্ন দিশত নিজৰ পাৰদৰ্শিতাৰে নাম উজলাব বুলি আশা প্ৰকাশ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0