ডিফুঃ যোৱা ১৫ ফেব্ৰুৱাৰীৰ ৫দিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলং জিলাৰ তাৰালাংচত অনুষ্ঠিত হোৱা ৪৪ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ সোমাবাৰে নিশা সফল সামৰণি পৰে৷ প্ৰায় লক্ষাধিক দৰ্শকেৰে সোমবাৰে পুৱা চাৰি বজালৈকে লোকাৰণ্য হৈ পৰে কাৰ্বি আংলং লোক কৃষ্টি-সংস্কৃতিৰ সাধনাস্থলী মায়াময় তাৰালাংচ৷ জিলাখনৰ কাৰ্বি কালচাৰেল ছ’চাইটিৰ ২৪টা জ’নেল সমিতিৰ উপৰিও তেজপুৰ, মেঘালয় আৰু থাইলেণ্ডৰ শিল্পীসকলে চাৰিটাকৈ বিশাল মুকলি মঞ্চত প্ৰতিদিনেই নৃত্য-গীত পৰিবেশন কৰি দৰ্শকক আপ্লুত কৰে৷
সহস্ৰাধিক যুৱক-যুৱতী শিল্পীয়ে মুকলি আকাশৰ তলত এক মেলামুখী পৰিবেশৰ মাজত পৰাম্পৰাগত জাতীয় নৃত্যৰে ৫টা দিন ধৰি উখাল-মাখল পৰিবেশৰ সৃষ্টি হয়৷ ৪৪ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ সোমবাৰে কাৰ্বি যুৱক-যুৱতীৰ নৃত্য ছন্দৰেই যৱনিকা পৰে৷ ৮২৭ বিঘা মাটি কালিৰ সমগ্ৰ তাৰালাংচত গঢ়ি উঠা বিভিন্ন জনগোষ্ঠীয় গৃহ সমূহত জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ সোৱাদ লোৱাৰ লগতে কাৰ্বি, ডিমাচা, গাৰ’ ৰাভা, গোৰ্খা, ৰেংমা নগা, তাই আহোম, পাইতে আদি জনগোষ্ঠীয় লোকৰ জীৱন প্ৰণালীৰ লগত পৰিচিত হয়৷