গুৱাহাটীঃ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ বহু উন্নয়ণৰ ঢাক-ঢোল বজাই প্ৰতিদিনে বৰ বৰ কথা কৈ আহিছে যদিও শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ পৰা পঞ্জীয়নৰ নামত অতিৰিক্ত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ গুণোৎসৱৰ জৰিয়তে বিদ্যালয়সমূহৰ গুণগত মানদণ্ড নিৰূপন কৰি শিক্ষা ব্যৱস্থাত নতুনত্বৰ সূচনা কৰিবলৈ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিলেও শিক্ষা বিভাগৰ একাংশ শিক্ষক-কৰ্মচাৰীয়ে হেঙাৰ হৈ থিয় দিয়া দেখা যায়।
মন্ত্ৰীগৰাকীয়ে সংস্কাৰ সাধন কৰিবলৈ যিমানেই অহোপুৰুষাৰ্থ চেষ্টা চলাই আহিছে, সিমানেই উন্মোচিত হ’ব ধৰিছে একাংশ বিদ্যালয়ৰ ফোঁপোলা স্বৰূপ৷ বিদ্যালয়ত দালালগিৰি চলাবলৈ লোৱা এচাম দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী-শিক্ষকৰ বাবে শিক্ষা বিভাগটোত লাহে লাহে ঘূণে ধৰিবলৈ আৰম্ভ কৰা দেখা যায়৷ শিক্ষা বিভাগৰ একাংশ শিক্ষক আৰু বিষয়া-কৰ্মচাৰীয়ে অনৈতিকতাৰ আশ্ৰয় লৈ শিক্ষা বিভাগটোক ধ্বংসৰ পথলৈ লৈ যাব ধৰিছে৷ শিক্ষামন্ত্ৰীজনে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ছাত্ৰ-ছাত্ৰীৰ মাচুলৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰিছে যদিও একাংশ দুৰ্নীতিগ্ৰস্থ শিক্ষকে সেই নীতি নিৰ্দেশনাক অমান্য কৰি ছাত্ৰ-ছাত্ৰীৰ পৰা মাচুল সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷