ডিজিটেল ডেস্কঃ বাবৰি মছজিদৰ ঠাইত পূৰ্বতে ৰামমন্দিৰ আছিল কি নাছিল, তাকে লৈ বিতৰ্ক চলি থকাৰ মাজতে ৰামমন্দিৰৰ আৰ্হিত নিৰ্মিত হ’ব অযোধ্যাৰ ৰেল ষ্টেচন। বুধবাৰে এই ঘোষণা ৰেল মন্ত্ৰালয়ৰ ৰাজ্যিক দপ্তৰৰ মন্ত্ৰী মনোজ সিনহাৰ।
কিন্তু ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰিবলগীয়া ষ্টেচনটোৰ বাবে মন্দিৰটোৰ আৰ্হিয়েই যিহেতু নাই, গতিকে কিহৰ ভিত্তিত ষ্টেচনটো নিৰ্মাণ কৰা হ’ব তাকে লৈ প্ৰশ্ন উঠিছে৷ উল্লেখ্য যে বাবৰি মছজিদৰ ঠাইত থকা বুলি দাবী কৰা মন্দিৰৰ এখনো ফটো পাবলৈ নাই৷