ওদালগুৰিঃ বিটিচি প্ৰশাসনে ভূমি সন্দৰ্ভত শেহতীয়াকৈ গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত সোমবাৰে ওদালগুৰি চহৰৰ মাজমজিয়াত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি দাহ কৰে আছুসহ পাঁচটাকৈ সংগঠনে। প্ৰথমে ওদালগুৰি চহৰৰ মাজমজিয়াৰ শ্বহীদ বেদীত ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
আছুৰ কাৰ্যসূচীত উপস্থিত থাকি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিতোপন দাসে বিটিচি প্ৰশাসনে গ্ৰহণ কৰা সমগ্ৰ চক্ৰান্তক গৰিহণা দিয়ে। আনহাতে এজেৱাইচিপি, আগছু, আছু আৰু অসমীয়া যুৱ মঞ্চৰ ওদালগুৰি জিলা সমিতিয়ে স্থানীয় শ্বহীদ বেদী প্ৰাংগণত বিটিচি চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদ জনাই হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি দাহ কৰে।