গুৱাহাটীঃ ৰাজনৈতিক দলৰ নেতাসকলে মহিলা সৱলীকৰণৰ কথা কৈ আহিছে বিভিন্ন সময়ত৷ সংসদৰ বাহিৰে ভিতৰে তেওলোকে নাৰীৰ উন্নয়নৰ বাবে সৰৱ৷ মহিলাৰ বাবে ইটো কৰিম সিটো কৰিম বুলি বৰ বৰ কথাৰে ভাষণ প্ৰদান কৰি আহিছে৷
কিন্তু কথা আৰু কামৰ মাজত আকাশ পাতল প্ৰাৰ্থক্য দেখা যায়৷ শেহতীয়াকৈ অনুষ্ঠিত হোৱা নিৰ্বাচন সমূহত মহিলাক ৰাজনৈতিক দল সমূহে দলিয় টিকট প্ৰদানত হেমাহি কৰা দেখা যায়৷ দেশৰ মহিলাসকলে দেশৰ সংসদীয় ব্যৱস্থাত অংশ লৈ দেশক সেৱা কৰিব বিচাৰে যদিও ৰাজনৈতিক দল সমূহে তেওঁলোকক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷