70
গুৱাহাটীঃ বছৰ বছৰ ধৰি ৰাজ্যখনৰ ৬ জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত বন্ধ, ধৰ্ণা, অৱৰোধেৰে প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও সমানে সমানে জনজাতিকৰণৰ বিৰুদ্ধাচৰণ কৰি গৈছে ট্ৰাইবেল সংঘ সমন্বয়ৰক্ষী সমিতিয়ে৷ ৬ জনগোষ্ঠীয়ে কেৱল অসমতে নহয় দিল্লীতো প্ৰতিবাদ সাব্যস্ত কৰি অহাত ২০১৪ বৰ্ষত লোকসভা নিৰ্বাচনত বিজেপি দলে জনগোষ্ঠীকেইটাক চৰকাৰ গঠন কৰিবলৈ সক্ষম হলে জনজাতিকৰণ কৰাৰ আশ্বাস দিছিল যদিও প্ৰতিশ্ৰুতি পালন নকৰাত সময়ে সময়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷
