ডিজিটেল ডেস্কঃ যোৱা লোকসভা নিৰ্বাচন আৰু কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছৰে পৰা দেশৰ কেইবাটাও দলে ইভিএম টেম্পাৰিং কৰা বুলি অভিযোগ উত্থাপন কৰে৷ ইয়াৰ মাজতে দেশৰ শীৰ্ষ আদালতে গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰক৷
ভোটদান প্ৰক্ৰিয়াত ব্যৱহৃত ইলেক্ট্ৰনিক ভোটিং মেচিনৰ বিসংগতিৰ বিষয়টো সমগ্ৰ দেশতে চৰ্চিত হৈ আহিছিল৷ ভোটিং মেচিনত থকা আঁসোৱাহসমূহ আঁতৰ কৰিবৰ বাবে সময়ে সময়ে দেশৰ ৰাজনৈতিক নেতা-সদস্যই নিৰ্বাচন আয়োগ, উচ্চতম ন্যায়ালয়ৰ ওচৰত দাবী উত্থাপন কৰিছিল৷ বিচাৰ-বিবেচনাৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে এই বিষয়টোত সন্মতি প্ৰদান কৰি আগন্তুক লোকসভা নিৰ্বাচনত ভোটদান প্ৰক্ৰিয়াকটোক শুদ্ধ ৰূপত পৰিচালিত কৰিবৰ বাবে ভোটিং মেচিনৰ লগতে ভিভিপিটি মেচিনো সংযুক্ত কৰা হ’ব বুলি ঘোষণা কৰে৷