চামগুৰিঃ সমাজখনৰ বাবে ৰ’দ-বৰষুণ কাটি কৰি দিনে-নিশাই কাম কৰা সাংবাদিকসকলক মাৰধৰ কৰা কৰি অহাৰ সঘনাই সংঘটিত হৈ অহাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সৈতে জড়িত লোকসকল একাংশ দুৰ্নীতিপৰায়ণ লোকৰ বাবে বাটৰ হেঙাৰ হৈ পৰে। বাটৰ হেঙাৰ আতৰাবলৈ সাংবাদিকক আক্ৰমণ কৰাটো ডাঙৰ কথা নহয়৷
কেৱল আক্ৰমণেই নহয় বিশ্বত তথা আমাৰ ৰাজ্যত বহু সাংবাদিকে আততায়ীৰ গুলীত প্ৰাণ দিছে। কিন্তু তাৰ পিছতো সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰা নহ’ল৷ যাৰ ফলত পুনৰ সাংবাদিকক আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হৈ আহিছে৷ সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্য খনৰ অতন্দ্ৰ প্ৰহৰী সাংবাদিকসকল জীৱনৰ সুৰক্ষাৰ লৈ চিন্তিত৷