নামতিঃ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতি আৰু বৃহত্তৰ নামতি চাৰি আলি আঞ্চলিক সমিতিৰ উদ্যোগত দেওবাৰে নামতি চাৰিআলি হাইস্কুল খেল পথাৰত নাগালিম ফ্ৰেমৱৰ্ক, হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে এখন বৃহৎ সমাৱেশ অনুষ্ঠিত হয়৷
কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চফৰ আলী আৰু সমাৱেশ পৰিচালনা সমিতিৰ সভাপতি আচিকুৰ ৰহমানে পতাকা উত্তোলন কৰা পাছতেই শ্বহীদ তর্পন কৰে যুটীয়া সম্পাদক অনন্ত আৰন্ধৰা আৰু নকুল গগৈয়ে। গেলেকী আৰু নাজিৰা খণ্ডৰ বন বিষয়া আচিকুৰ আহমেদে বৃক্ষ ৰোপন কার্যসূচী মুকলি কৰে।