তিনিচুকীয়াঃ ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ সাংস্কৃতিক ঐতিহ্য বাৰৰেহণীয়া। পূৰ্বপুৰুষৰ দিনৰে পৰা নিজস্ব পৰম্পৰাগত লোকাচাৰ, লোকনৃত্য, লোক কথা, লোকসংগীত, লোকখাদ্য তথা লোকসংস্কৃতি জনগোষ্ঠীসকলে ধৰি ৰাখিছে। অৱশ্যে বিশ্বায়ন আৰু প্ৰযূক্তিবিদ্যাৰ প্ৰভাৱৰ ফলত সাম্প্ৰতিক সময়ত লাহে লাহে এনে বৰ্ণাঢ্য সংস্কৃতি লোপ পোৱাৰ উপক্ৰম হৈছে। এই বক্তব্য ৰতন থিয়ামৰ।
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন থিয়েটাৰ শিল্পী তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধ্যক্ষ ৰতন থিয়ামে আদিবাসী আদিবিম্বৰ আলোচনা সত্ৰৰ শুভাৰম্ভণি ভাষণত পুনৰ কয়- আদিবাসী জনগোষ্ঠীসকলৰ সাংস্কৃতিক পৰম্পৰালৈ প্ৰত্যাহ্বান আহিছে, পৰিৱৰ্তন আহিছে গতিকে সকলোৱে মিলি এনে সোণসেৰীয়া ঐতিহ্যক আমি সংৰক্ষণ কৰিব লাগিব।