ডিজিটেল ডেস্কঃ বিহাৰ বিধান সভাৰ অধিবেশনত চৰ্চা বিষয় হৈ পৰিল বিৰোধী দলপতি, লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱৰ বিয়াৰ কথা৷ বিজেপি নেতা নন্দ কিশোৰ যাদৱৰ মন্তব্যৰ পিছতেই তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়৷ বিধান সভাৰ মজিয়াত পুত্ৰ বিয়াৰ কথা উল্লেখ হোৱাত তেজস্বীৰ মাতৃ ৰাবৰী দেৱী ক্ষোভিত হৈ পৰে৷
সোমবাৰে বিধান সভাৰ মজিয়াত ৰাজ্য খনৰ পথ নিৰ্মাণ বাজেট আৱন্টন সন্দৰ্ভত আলোচনা চলি আছিল৷ সেই সময়তে বিৰোধী আৰজেডিৰ বিধায়কে পথ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে৷ বিহাৰৰ গড়কাপ্তানী মন্ত্ৰী নন্দ কিশোৰে আৰজেডিৰ বিধায়কক উভতি ধৰি তেওলোকৰ নেতা তেজস্বী যাদৱ এইটো বিভাগৰ মন্ত্ৰী আছিল সেই কথা পাহৰি যাব নালাগে বুলি কয়৷