ডিজিটেল ডেস্কঃ সময়ৰ বুৰঞ্জী ৰচনা কৰা মহান বিজ্ঞানী ষ্টিফেন উইলিয়াম হকিং খোদ ইতিহাস হ’ল৷ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্যৰ উৎস বিচাৰি ফুৰা ষ্টিফেন উইলিয়াম হকিং বিলীন হ’ল পঞ্চভুতত৷ ১৪ মাৰ্চৰ পুৱাৰ ভাগত ইংলেণ্ডৰ কেম্ব্ৰিজৰ নিজা বাসগৃহত ষ্টিফেন হকিঙে মৃত্যুক আকোৱালি লয়৷
নিউটন আৰু এলবাৰ্ট আইনষ্টাইনৰ পিছতে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানী হিচাপে পৰিচিত ষ্টিফেন হকিঙৰ বুধবাৰে মহাপ্ৰয়াণ ঘটে৷ হকিঙ আছিল এগৰাকী তত্বমূলক পদাৰ্থবিদ তথা মহাকাশ বিজ্ঞানী৷ ২১ বছৰ বয়সতে হকিঙৰ দেহত দেখা দিয়ে মটৰ নিউৰন নামৰ ৰোগে৷