গুৱাহাটীঃ বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ বাৰ্ষিক সংবাদমেল অহা ২০ জুনত দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হ’ব। এই অনুষ্ঠানৰ পূৰ্বে আজি বিদ্যা ভাৰতী প্ৰচাৰ বিভাগৰ গুৰুত্বপূৰ্ণ ভাৰ্চুৱেল বৈঠক সফলতাৰে সম্পন্ন হয়। বৈঠকত দেশজুৰি ৩৩ গৰাকী আঞ্চলিক আৰু প্ৰাদেশিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
বৈঠকখনত সভাপতিত্ব কৰে বিদ্যা ভাৰতীৰ মহামন্ত্রী দেশৰাজ শৰ্মাই। তেওঁৰ সৈতে উপস্থিত থাকে প্ৰচাৰ বিভাগৰ অখিল ভাৰতীয় প্ৰভাৰী সুধাকৰ ৰেড্ডী আৰু জ্যেষ্ঠ পথ প্ৰদর্শক ৰাজকুমাৰ ভাস্বৰ। বৈঠকখনত প্ৰচাৰ বিভাগৰ চলি থকা বিভিন্ন কাৰ্যকলাপৰ সমীক্ষা কৰা হয় আৰু আগন্তুক পৰিকল্পনা আৰু ৰণনীতি সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়।