গুৱাহাটীঃ গুৱাহাটীৰ চচল শতদল শাখা সাহিত্য সভাই বিষ্ণুপ্রসাদ ৰাভা দিৱস উপলক্ষে দেওবাৰে দুটা শাখাত স্কুলীয় ছাত্ৰ-ছাত্ৰীৰ মাজত শাখাৰ কাৰ্যালয় “ৰবীন্দ্ৰনাথ দাস সভা গৃহ’ৰ “ড০ মামণি ৰয়ছম গোস্বামী মঞ্চ’ত বিষ্ণুপ্ৰসাদ ৰাভা সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰে। গুৱাহাটী মহানগৰৰ লগতে আশেপাশে থকা কেইবাখনো বিদ্যালয়ৰ প্ৰায় ৩০ জন ছাত্র-ছাত্রীয়ে এই প্রতিযোগিতাত অংশ গ্ৰহণ কৰে।
‘ক’-শাখাত (সপ্তম শ্রেণীলৈ) কেন্দ্রীয় বিদ্যালয়, খানাপাৰাৰ ছাত্ৰী মৃগাংক্ষী কলিতাই প্রথম স্থান আৰু ছাত্র, জ্যোতির্ময় নাথে, ২য় স্থান, শংকৰদেৱ বিদ্যানিকেতন, হেঙেৰাবাৰী, গুৱাহাটীৰ ছাত্র প্রজ্ঞানজ্যোতি দাসে তৃতীয় স্থান লাভ কৰে। শংকৰদেৱ বিদ্যানিকেতন, হেঙেৰাবাৰী, গুৱাহাটীৰ ছাত্র ভার্গৱজ্যোতি কাশ্যপক বিচাৰকৰ উদগনিমূলক বঁটা দিয়া হয়। ‘খ’ শাখাত (অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ) অসম হলি এঞ্জেল প্রি ইংলিছ স্কুলৰ ছাত্ৰী নিহাৰিকা দাসে প্ৰথমম স্থান, জৱাহৰ নৱোদয় বিদ্যালয়, গোৱালপাৰাৰ ছাত্ৰী উদ্দীপনা নাথে ২য় স্থান আৰু শংকৰদেৱ বিদ্যানিকেতন, হেঙেৰাবাৰী, গুৱাহাটীৰ ছাত্ৰ ভৱেশ থাকলে ৩য় স্থান লাভ কৰে।